'কেচা আলিৰ লেণ্ডস্কেপ: ধোৱা-কোৱা স্মৃতি'

 'কেচা আলিৰ লেণ্ডস্কেপ: ধোৱা-কোৱা স্মৃতি'

✍ নীলাক্ষী হাজৰিকা

                          photo source Google


                 গেছৰ ওপৰত বকবকাই উতলি থকা পানীখিনিত আদা অকনমান থেতেলিয়াই দি তাত চাহপাত দুটামান চতিয়াই দিলে তাই। সন্ধিয়াৰ আদা দিয়া লাল চাহ কাপ তাইৰ প্ৰিয়। ঠিক যেনেদৰে প্ৰিয় নামঘৰৰ ডবাৰ শব্দ আৰু পদূলিয়ে পদূলিয়ে ভাহি অহা ধূনাৰ গোন্ধ। ধূপৰ গোন্ধ তাইৰ ভাল নালাগে। চহৰৰ সৰু ৰুমটোত নাৰিকল বাকলিৰ অঙঠা কৰাৰ সুবিধা নাই। কাষতে থকা ৰাধা-কৃষ্ণৰ ফটোখনলৈ চাই হাঁহি এটা মাৰি চাহৰ কাপটো লৈ তাই টেবুলত বহিল। আজি কোনো কাৰণ নোহোৱাকৈয়ে তাইৰ মনটো অশান্ত হৈ আছে। লেপটপ টো খুলি লৈ জপাই থলে। কাষতে থকা বহীখনত আকবাক কৰি তাই লিখিলে কেঁচা আলিৰ লেণ্ডস্কেপ।


                 সেই লেণ্ডস্কেপ খনৰ ছবিবোৰ চাবলৈ আপুনি আজিৰ পৰা ১৫-২০বছৰ আগৰ তাইৰ গাওঁখনলৈ উভতি যাব লাগিব। এইসময়ত তাই বায়েকৰ সৈতে গোসাঁইঘৰত কঠ পাৰি বহি চিঞৰি চিঞৰি প্ৰাৰ্থনা জুৰিছে। মাকে গাখীৰ গুৰেৰে যতনাই দিয়া কৰাই বাতি খাই পঢ়া টেবুলত বহিছে। দুয়োৰে আনন্দৰ অন্ত নাই। আজি ৰাতিটো পঢ়িলেই হৈ যাব। কাইলৈ বছৰেকীয়া পৰীক্ষা শেষ হ'ব। তাৰ পাছত দুয়ো মোমায়েকৰ ঘৰত ফুৰিবলৈ যাব। কিন্তু তাৰ আগতে ঘৰত অলপ দিন থাকিব। দেউতাকে চোতালত মৰণা মাৰিয়েই আছে। তাই পঢ়াৰ মাজতে এভুমুকি মাৰি হালোৱা আচাৰিডাল লৈ গৰুহাল মৰণাত এপাক ঘূৰাই যদিও মাকৰ গালিত লৰ মাৰে। কাইলৈৰ পৰা হেঁপাহ পলুৱাই মৰণা ঘূৰাব তাই। পথাৰলৈ গৈ লেচেৰি বুটলিব। ধানৰ নৰাৰে পেঁপা সাজিব। লেচেৰি ধান বেছি পোৱা পইচাৰে সমনীয়াৰ লগত পিকনিক খাব। খানাত কোন কোন থাকিব তাৰ হিচাপ ইতিমধ্যে হৈয়ে গৈছে। বাৰিৰ ঢাপৰ জলফাই জোপাও দাহনখীয়া হৈছে। তিনিআলিৰ অমৰাজোপাও মোকখা মোকখা হৈ আছে। মাথো পৰীক্ষাটো শেষ হোৱালৈ অপেক্ষা। চোতালত খেৰৰ দ'মত বহি কিমান যে টেঙা খাব। মাকেও দিনত শুবৰ বাবে আচাৰি লৈ নেখেদিব। নিশ্চিন্তমনে গাঁৱৰ সিমুৰত গৈ সন্ধিয়ালৈকে খেলিব। 



              হাঁহি-ধেমালি, মিলা-প্ৰীতি, সুখে-দুখে ইজনে সিজনৰ লগৰী; কি যে নাই গাওঁখনত। প্ৰকৃতিৰ পৰিবৰ্তনৰ লগতে প্ৰতিটো ঋতুৱে উৎসৱ পাৰ্বনৰ সৈতে এক নতুন পৰিবেশ কঢ়িয়াই আনে গাঁওখনলৈ। গাঁৱৰ সকলোৱে লগ হৈ উদযাপন কৰে প্ৰতিটো উৎসৱ। ন চাউলমুঠি আনি নখোৱাৰ পৰা আৰম্ভ কৰি ভেলাঘৰ সজালৈ। মেজিৰ জুই চায়েই ক'ব পাৰে সেইবছৰ বতৰ কেনে হব। 

     



             প্ৰেমিকে পলাশৰ ৰঙত, কবিয়ে কবিতাৰ ভাজত উদযাপন কৰে ফাগুন। গৃহিনীয়ে ঝাড়ুৰে সাৰি ফাগুনক বিদায় দিওতেই বসন্ত আহি পদূলিত থিয় দিয়ে। গাঁৱৰ প্ৰাণকেন্দ্ৰ বহাগৰ বিহুটি। বিহুগীত হুঁচৰিৰে আনন্দত আত্মহাৰা ডেকা-গাভৰু। সমান্তৰালকৈ  জীয়ৰী-বোৱাৰীয়ে ঢেঁকীৰ মাতত কঁপাই তোলে চুবুৰী,  তাঁতৰ খিটখিটনিত মুখৰিত পদূলি। গাভৰু জনীয়ে চেনাইক দিবলৈ, আইতাই জোঁৱাইক যাচিবলৈ বিহুৱানখন নোবোৱাকৈ কেনেকৈ পাৰে। বহাগ মানেই বিয়াৰ বতৰ। অমুকৰ ঘৰত বিয়া ওলাইছে। ৰাইজ ভাৰসা কৰিছে, ল'ৰা গোটাইছে। ৰাইজৰ মাজতে আলোচনা কৰি সকলো কাম ভগাই লৈছে। ৰভা-পৰলা দিয়া, দোৰোলা-পতুৱা বনোৱা, ৰন্ধা- বঢ়াৰ পৰা আলহী শুশ্ৰষালৈ। সকলোৱে হাতে কামে লাগি ঘৰখন উদ্ধাৰ কৰিব লাগিব। 

        

                  বাৰিষা আহে কৃষকলৈ আশাৰ বতৰা লৈ। কোনো বছৰ আকৌ বাৰিষাত পথাৰ দিয়া চিৰালফাট। বৰুণ দেৱতাৰ ঠেহ ভাঙিবলৈ আয়োজন কৰে ভেকুলীৰ বিয়া। চোতাল চহোৱা, মাজ ৰাতি ঘৰে ঘৰে পানী তোলা, শেষত বাৰীৰ চুকৰ ভেকুলা- ভেকুলী ধৰি আনি নোৱাই-ধুৱাই গাঁৱৰ ৰাইজে বিয়া পাতি দিয়ে। ৰাইজ গৈ ঘৰ নৌপাওঁতেই মেঘ ফুটি বৰষুণ সৰে( লোকবিশ্বাস)। ঢলৰ লগতে ব্যস্ততা বাহে পথাৰত। ঢলৰ লগতে উজান উঠে মাছৰ। জাকৈ,খালৈ, চেপা, জাল, জোৰ লৈ সকলো মাছ ধৰাত ব্যস্ত। কাৱৈ কেইজনীটো চোতালতে চটফটাই ফুৰে।

              

                  ভাদ-আহিন সোমাল মানেই এফালে ৰবি শস্যৰ খেতি, আনফালে নামঘৰত ৰাগ-তাল,বিলাপ- পয়াৰৰ আখৰাৰে তিথি-ভাওনাৰ প্ৰস্তুতি। বাজি উঠে  ডবা-কাঁহ-শংখ, গায়ন-বায়ন, সূত্ৰধাৰৰে আৰম্ভ হয় 'সীতা হৰণ বালী বধ' ভাওনাৰ। ৰাৱণে সীতাক হৰণ কৰিব নৌপাওঁতেই মাকৰ কাষত বহি ভাওনা চাই থকা ৰুক্মীণীক লৈ গাঁৱৰ কৃষ্ণ উধাও। পাছদিনা ৰাইজে টোপনিক্ষতি মাৰিবলৈ টেঙা খোৱা পৰ্বতে মীমাংসা হয় সেই বিচাৰ। এনেকৈয়ে ভাওনাঘৰতে আৰম্ভ হয় আন এখন নতুন সংসাৰ। 

      

                    কেঁচা আলিৰ এই লেণ্ডস্কেপখন যিমানে গভীৰ ভাবে লক্ষ্য কৰিব দেখা পাব ন ন কাহিনী। কিন্ত বৰ্তমান এই লেণ্ডস্কেপ সলনি হৈছে। সময়ে আচোঁৰ সানিছে পুৰণি ৰংবোৰত। সময়েই বুলাইছে নতুন ৰং। পৰিবৰ্তন আহিছে সমাজ- সংস্কৃতিলৈ, সংযোজিত হৈছে ন ন সংস্কৃতিৰ। বিবাহ উৎসৱত আয়তীৰ মুখৰ বিয়ানাম জোৰানাম বোৰ হেৰাই গৈছে। পানীতোলা, দৈয়ন দিয়া, সুৱাভাগ তোলা আদি অনুষ্ঠানৰ স্থান লৈছে মেহেন্দী, হাল্দি পৰ্বই। অসমীয়া জীয়ৰীৱে বিহু নাচিবলৈ এতিয়াও পাহৰা নাই। কিন্ত আজিৰ গাভৰুৱে গৃহস্থৰ পদূলিত হুচৰি নহয় ইঞ্চটাগ্ৰামৰ পদূলিত নাচে। সেই অসমীয়াৰ অসমীয়াগিৰিৰ কথা কিয়েই বা ক'ব যিয়ে মাঘৰ বিহুতকৈ বেছি খ্ৰীষ্টমাষ্টৰ প্ৰতি আগ্ৰহী হয়। তেনেকৈ কলেও আচলতে ভূল হ'ব। আমিচোন টিভিৰ পৰ্দাত দেখিয়েই থাকো ভেলাঘৰ সজাৰ প্ৰতি ৰাইজ কিমান  আগ্ৰহী। মাথো এটাই শংকা, গাঁৱৰ ৰাইজৰ হাতৰ পৰশত প্ৰাণপাই উঠা মৰমৰ ভেলাঘৰটো শ্ৰেষ্ঠ ভেলাঘৰ প্ৰতিযোগিতাত জয়ী হবলৈ গৈ দুৰ্গা পূজাৰ দৰে গাঁৱে গাঁৱে কলিকতীয়া শিল্পী হায়াৰ নকৰিলেই হল।

     

                  ভাতৰ পাতত নাইবা টিভি ৰুমত সকলো বহি দিয়া আড্ডাবোৰ ক'ৰবাত হেৰাই গ'ল। ৰুমে ৰুমে টিভি হ'ল। একেতা ৰুমতে থাকি   পিতৃ-মাতৃ-সন্তান পৃথকে পৃথকে মোবাইলত ব্যস্ত নেটফ্লিক্স, হটষ্টাৰ, কাৰ্টুন লৈ। কোৱা হয় গ্লোবেলাইজেচনে গোটেই পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰিত কৰিলে। কিন্তু আনহাতে একেতা ঘৰতে থকা মানুহৰ মনবোৰ বহু দূৰলৈ লৈ গ'ল। যাৰ ফলত পৰিয়ালৰ মানুহে ইজনে সিজনৰ লগত, সন্তানে পিতৃ-মাতৃৰ লগত যিকোনো সমস্যা খুলি কোৱা বা শুনাৰ সময় নাইকিয়া হ'ল। যাৰ ফলত ডিপ্ৰেছন, এনজাইটি আদি সমস্যাৰ লগতে আত্মহত্যাৰ প্ৰবনতাও বাঢ়িবলৈ ধৰিছে।

    

                    অসম গ্ৰন্থ মেলা হৈ গ'ল। দেখা গ'ল বহু লোকৰ ভিৰ। কিন্ত কিমান জনে প্ৰকৃততে কিতাপ কিনিছে? নাইবা কিনিলেও কিমান জনে পঢ়িছে? সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ দৰে প্ৰকৃততে লাখ লাখ টকাৰ বিক্ৰী হৈছেনে? নে কেবল চেল্ফি উঠাৰ স্থান হৈছে গ্ৰন্থমেলা? এনে বহু প্ৰশ্ন বহু সময়ত উত্থাপন হয়। কিন্ত মই ভাবো নৱপ্ৰজন্ম কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী। ক'ভিড সৃষ্ট পৰিবেশৰ পাছত যদি সকলোৱে এটা পৰিবেশ পাইছে কিছু সময় সুন্দৰ কৈ অতিবাহিত কৰাৰ, বন্ধুৰ বৰ্গৰ সৈতে  বাৰ্তালাপ কৰাৰ, স্মৃতি হিচাপে দুই এখন ফটো তোলাৰ তাত আপত্তিজনক একো নাই। কিতাপ, হাঁহি ধেমালি, আড্ডাৰ এক সুস্থ পৰিবেশৰ মাজৰে গ্ৰন্থমেলা খন হৈ ৰওক সমন্বয়ৰ বাৰ্তাবাহক।  মূল বিষয়ৰ পৰা আতৰি নাযাও। সেইদিনা গ্ৰন্থমেলাত এজন দেউতাকে কণমানিজনীৰ হাতত লক্ষীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' কিতাপ খন তুলি দিয়া দেখি মনটো ভাল লাগিল।  সাধু অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। শিশুৰ কল্পনাপ্ৰৱণ মনক আনন্দ দিয়া আৰু আন সাহিত্য অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ই প্ৰাথমিক পৰ্য্যায়। বুঢ়ী ’আইৰ সাধু’খনৰ এটাও সাধু নাই ছাগে যি আপোনাৰ মোৰ মনত নাই। কাৰণ সেইয়া আমি গৰমকালি চোতালত বহি আইতা-ককা বা জেষ্ঠ জনৰ মুখৰে শুনিছিলো। 


                       কিন্ত আজিৰ সন্তান সেই পৰিবেশৰ পৰা বঞ্চিত হৈছে। কৰ্মৰ তাগিদাতে হওক বা আন কিবা কাৰনতে মাক দেউতাকৰ লগতে শিশু সকলো ককা-আইতাকৰ পৰা দূৰৈত আছে। মানুহবোৰ চহৰমুখী হৈছে।  মডাৰ্ণাইজেছনৰ কনচেপ্টে যৌথ পৰিয়ালবোৰ ভাঙি তিনি-চাৰি জনীয়া পৰিয়ালৰ সৃষ্টি কৰিছে। বন্ধ, সংক্ৰান্তিয়ে হলেও আপোনাৰ শিশুটোক সেই পৰিবেশৰ সৈতে চিনাকি কৰাই দিবছোন। বিশ্বাস কৰক মোবাইলৰ ভিডিঅ গেমতকৈ সেই পৰিবেশৰ গুনাগুন আৰু মাদকতা দুয়োটাই বহু ওপৰৰ।

    

                     এই দিনবোৰ জীয়াব পৰা আমিয়েই চাগে শেষ প্ৰজন্ম। নিজকে সৌভাগ্যবান বুলি ভাবো যে আজি সংগ্ৰহালয়ত ৰাখিব লগা জাকৈ খালৈ, জাপি, বৰপীৰা, নাঙল বিৰিয়া ব্যৱহাৰ কৰি পাইছো। সময়ৰ সৈতে পৰিবেশ পৰিস্থিতি লগতে জীৱন ধাৰণৰ প্ৰণালীত পৰিৱৰ্তন অহাতো স্বাভাৱিক। কিন্ত  নিজৰ সমাজ সাহিত্য সংস্কৃতি ৰীতি নীতিক দলিয়াই, তথাকথিত ৰংচঙীয়াৰ প্ৰতি ধাবমান হোৱাৰ এই প্ৰবনতা এনেকৈয়ে চলি থাকিলে এদিন যে অসমীয়াকে মিউজিয়াম ত শ্ব'পিচ কৰি সজাই থ'ব নালাগিব তাক লৈ সন্দেহ আছে।

Comments