মেঘালয়ৰ কণমানিজনীৰ স্বাৱলম্বীতাৰ কথাৰে


কণমানিজনীৰ আশাভৰা, সাহসী মুখখন এতিয়াঁও ভাহিঁ আছে মোৰ চকুৰ আগত ৷ বয়সৰে মাত্ৰ  ৮-৯ বছৰ ৷ তাইৰ বয়সৰ হয়তো বহুতেই মাক-দেউতাকৰ  কোলাত উমলি সুন্দৰ জীৱন জাপন কৰিছে ৷ কিন্তু তাই সেই বয়সতেই হতাশাৰ কোনো চিন নেদেখুৱাকৈ 'চেভেন চিষ্টাৰ্চ ফল' ৰ পদূলিত স্বাধীন, মুক্ত, স্বাৱলম্বী জীৱনৰ বাৰ্তা বহন কৰিছে৷
           
  
  পৰিয়ালৰ সৈতে মোৰ মেঘালয় ভ্ৰমনৰ দ্বিতীয় দিন৷ প্ৰাকৃতিক সৌন্দয্যৰে ভৰপুৰ চেৰাপুঞ্জীৰ একা- বেঁকা আলিৰে ঘুৰি ফুৰোতে  'চেভেন চিষ্টাৰ্চ ফল' ৰ বাকৰিত সাক্ষাৎ হৈছিল তাইৰ সৈতে - মৰম লগা হাঁহিৰে সৈতে এজনী কণমানি খাচি ছোৱালী৷ তাইৰ কাম আৰু কথায়ে মোৰ দৰে তাত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল, ভাবিবলৈ বাধ্য কৰিছিল৷ কিন্তু তাই নিজৰ কাম কৰি গৈছিল অনৰ্গল ভাৱে৷

         হাতত এটা খৰাহীত কিছুমান পেকেটত আনাৰসৰ দুটামান টুকুৰা ভৰাই বিক্ৰীৰ বাবে লৈ আনিছিল, লগত আনিছিল নিজ হাতে প্ৰস্তুত কৰা সুস্বাদু চাটনি৷ কেৱল বস্তু বিক্ৰী কৰাই নহয়, মৰম লগা কথন শৈলিৰে জানিছিল মানুহক আকৰ্ষন কৰাৰ কৌশল৷ সলসলীয়াকৈ হিন্দী ক'ব পৰা কণমানিজনীয়ে পঢ়া-শুনাৰ লগতে নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু  সহায় কৰিবৰ বাবে এই পথ বাচি লৈছে৷ দেশী-বিদেশী পৰ্যটকক তাই নিজৰ সৰু বিপনীখনৰ প্ৰতি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷
       

       বিভিন্ন ধৰ্মীয় তথা সামাজিক  অনুষ্ঠান, বজাৰ-হাট নাইবা পদ পথত ফটা-চিটা কাপোৰ পৰিধান কৰি আপোনাৰ মোৰ ফালে কিবা এটা পোৱাৰ আশাত হাত আগবঢ়োৱা ল'ৰা- ছোৱালীৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে৷ তাৰ বিপৰীতে মেঘালয়ৰ সেই কণমানিজনী আৰু আন কেইটামান শিশুৰ স্বাৱলম্বীতা আৰু স্বাভিমানৰ কাহিনীয়ে মোক বাৰুকৈয়ে আপ্লুত কৰিলে৷ আটাইতকৈ আচৰিত কথাটো হ'ল তিনিদিনীয়া এই ভ্ৰমনৰ সময়ত মেঘালয়ৰ পদপথত বা আন ঠাইত এজনো ভিক্ষাৰী মোৰ দৃষ্টিত নপৰিল৷

        আপুনি হইতো ইয়াক বেলেগ দৃষ্টিকোণৰ পৰা আলোচনা-পৰ্যালোচনা কৰিব পাৰে ৷ অতি কম বয়সতে অৰ্থ উপাৰ্জনৰ প্ৰতি লালসতাই তেওঁলোকৰ সুন্দৰ শৈশৱ বিনষ্ট কৰিব পাৰে বা শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বাধা হ'ব পাৰে৷ কিন্তু মোৰ দৃষ্টিত নিজৰ পঢ়া-শুনা বিনষ্ট হ'বলৈ নিদি যদি কোনোবাই, ভিক্ষাৰ বিপৰীতে, নিজৰ লগতে নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ লঘু শ্ৰম প্ৰদান কৰে তাত আপত্তি কৰিবলগা বিশেষ কাৰণ থাকিব লাগে বুলি নাভাবো৷ চেৰাপুঞ্জীৰ বাকৰিৰ এই কণমানিজনী বহুতৰ বাবে আদৰ্শ হৈ ৰওক, তাৰেই কামনা কৰিলো৷

Comments

Post a Comment