কণমানিজনীৰ আশাভৰা, সাহসী মুখখন এতিয়াঁও ভাহিঁ আছে মোৰ চকুৰ আগত ৷ বয়সৰে মাত্ৰ ৮-৯ বছৰ ৷ তাইৰ বয়সৰ হয়তো বহুতেই মাক-দেউতাকৰ কোলাত উমলি সুন্দৰ জীৱন জাপন কৰিছে ৷ কিন্তু তাই সেই বয়সতেই হতাশাৰ কোনো চিন নেদেখুৱাকৈ 'চেভেন চিষ্টাৰ্চ ফল' ৰ পদূলিত স্বাধীন, মুক্ত, স্বাৱলম্বী জীৱনৰ বাৰ্তা বহন কৰিছে৷
পৰিয়ালৰ সৈতে মোৰ মেঘালয় ভ্ৰমনৰ দ্বিতীয় দিন৷ প্ৰাকৃতিক সৌন্দয্যৰে ভৰপুৰ চেৰাপুঞ্জীৰ একা- বেঁকা আলিৰে ঘুৰি ফুৰোতে 'চেভেন চিষ্টাৰ্চ ফল' ৰ বাকৰিত সাক্ষাৎ হৈছিল তাইৰ সৈতে - মৰম লগা হাঁহিৰে সৈতে এজনী কণমানি খাচি ছোৱালী৷ তাইৰ কাম আৰু কথায়ে মোৰ দৰে তাত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল, ভাবিবলৈ বাধ্য কৰিছিল৷ কিন্তু তাই নিজৰ কাম কৰি গৈছিল অনৰ্গল ভাৱে৷
হাতত এটা খৰাহীত কিছুমান পেকেটত আনাৰসৰ দুটামান টুকুৰা ভৰাই বিক্ৰীৰ বাবে লৈ আনিছিল, লগত আনিছিল নিজ হাতে প্ৰস্তুত কৰা সুস্বাদু চাটনি৷ কেৱল বস্তু বিক্ৰী কৰাই নহয়, মৰম লগা কথন শৈলিৰে জানিছিল মানুহক আকৰ্ষন কৰাৰ কৌশল৷ সলসলীয়াকৈ হিন্দী ক'ব পৰা কণমানিজনীয়ে পঢ়া-শুনাৰ লগতে নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সহায় কৰিবৰ বাবে এই পথ বাচি লৈছে৷ দেশী-বিদেশী পৰ্যটকক তাই নিজৰ সৰু বিপনীখনৰ প্ৰতি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷
আপুনি হইতো ইয়াক বেলেগ দৃষ্টিকোণৰ পৰা আলোচনা-পৰ্যালোচনা কৰিব পাৰে ৷ অতি কম বয়সতে অৰ্থ উপাৰ্জনৰ প্ৰতি লালসতাই তেওঁলোকৰ সুন্দৰ শৈশৱ বিনষ্ট কৰিব পাৰে বা শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বাধা হ'ব পাৰে৷ কিন্তু মোৰ দৃষ্টিত নিজৰ পঢ়া-শুনা বিনষ্ট হ'বলৈ নিদি যদি কোনোবাই, ভিক্ষাৰ বিপৰীতে, নিজৰ লগতে নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ লঘু শ্ৰম প্ৰদান কৰে তাত আপত্তি কৰিবলগা বিশেষ কাৰণ থাকিব লাগে বুলি নাভাবো৷ চেৰাপুঞ্জীৰ বাকৰিৰ এই কণমানিজনী বহুতৰ বাবে আদৰ্শ হৈ ৰওক, তাৰেই কামনা কৰিলো৷


Dhunia hoise
ReplyDeletebht val lgil nilakshi..ru aguai ja
ReplyDeleteপঢ়ি ভাল লাগিল ।
ReplyDeleteপঢ়ি ভাল লাগিল ।
ReplyDeleteপঢ়ি ভাল লাগিল ।
ReplyDelete